Local, Vocal, Global

Road accident in Rangia: বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ;আহত ৭ জনকৈ লোক

ৰঙিয়া,৩০জানুৱাৰী: ৰঙিয়াৰ দলৈগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰঙিয়া ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ । মুখামুখি সংঘৰ্ষৰ পাছতে পথৰ সমীপৰ দ খাৱৈত বাগৰি পৰে বাহন দুখন। সংঘৰ্ষত আহত হয় গাড়ী চালকসহ ৭ জনকৈ লোক।

জানিব পৰা মতে,ৰঙিয়াৰ পৰা তামুলপুৰ অভিমুখে গৈ আছিল AS 25 FC 3666 নম্বৰৰ ডাম্পাৰখন । সেইসময়ত কাউলিৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল AS14 C 4182 নম্বৰৰ যাত্ৰীবাহী বাছখন।সেই সময়তে সংঘৰ্ষ হয় বাহন দুখনৰ মাজত(Road accident in Rangia)।

লগতে পঢ়ক:Dhing News: ধিঙৰ চৰাঞ্চলত চাঞ্চল্যকৰ ঘটনা;অস্ত্ৰধাৰী গুণ্ডাবাহিনীৰ ভয়ংকৰ কাণ্ড