Road Accident in Rangia : ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত যুৱতী
ৰঙিয়া,২৮জুলাই : ৰাজপথত ট্ৰাক চালকৰ দৌৰাত্ম্য । এইবাৰ ট্ৰাক চালকৰ দৌৰাত্ম্য অতিষ্ঠ ৰাইজ ।
ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া বহিঃৰাগত ট্ৰাক চালকৰ দৌৰাত্ম্য।ৰঙিয়া ৩১নং ঘাইপথৰ ওপৰত ট্ৰাকৰ খুন্দাত গুৰুতৰ ভাৱে আহত এগৰাকী যুৱতী9Road Accident in Rangia)।
যুৱতী গৰাকীক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলাবলৈ লওঁতেই এগৰাকী সাহসী মহিলাৰ তৎপৰতাত পলাবলৈ ব্যৰ্থ হয় ট্ৰাকচালক । মহলিগৰাকীৰ সহযোগত জব্দ কৰে ট্ৰাকখন । জব্দকৃত ট্ৰাকখনৰ নম্বৰ NL 01 AF 3799।
ইফালে ভৰিতগুৰুতৰ ভাৱে আঘাত পোৱা যুৱতী গৰাকীক ৰাইজৰ সহযোগত স্থানীয় এখন ব্যাক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহত যুৱতী গৰাকীৰ ঘৰ কছাৰী শৌলমাৰীত বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : Youth Dies By Drowning in the Noa River : নোৱা নৈত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ