Road Accident in Rangia : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য; নম্বৰ প্লেট বিহীন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত আহত দুই বাইক আৰোহী

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Road Accident)।
ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক । ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে।
এইবাৰ ৰঙিয়াত ডাম্পাৰে দৌৰাত্ম্যক । শনিবাৰে বিয়লি ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত সংঘটিত হয় হিট এণ্ড ৰাণৰ ঘটনা ।
এখন ডাম্পাৰে এখন বাইকক খুন্দিয়াই ৷ ফলত গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহী। এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুই বাইক আৰোহী ক্ৰমে বৰমাৰ বিষ্ণুপুৰৰ বীৰদাও বসুমতাৰী (২১) আৰু উইচডম গয়াৰী (২১) বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS14N827 বুলি জানিব পৰা গৈছে ৷ইফালে এই দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পলায়ন কৰে ডাম্পাৰসহ চালকজন ।
উল্লেখ্য যে, এই দুৰ্ঘটনাৰ সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনা সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত উপস্থিত হয় আু ৰাইজৰ সহযোগত আহত দুই যুৱকক উদ্ধাৰ কৰি ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
জানিব পৰা মতে, বৰমাৰ পৰা বাইহাটা অভিমুখে আহি আছিল দুই যুৱকে সেই সময়তে নম্বৰ প্লেট বিহীন এখন ডাম্পাৰে পিছফালৰ পৰা খুন্দিয়াই দুই আৰোহীত আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।
আৰক্ষী ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ চালকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে । ইফালে দুৰ্ঘটনাটোৰ পিচতে উত্তপ্ত হৈ পৰে ৰঙিয়াৰ উদিয়ানা অঞ্চল । উপস্থিত ৰাইজে আৰক্ষীৰ সন্মুখতে গুৱাহাটী অভিমুখী 27 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক : PM Modi to visit Assam for two days : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী