Road Accident in Rangapara : চাহ বাগিচাৰ মাজত বাগৰি পৰিল গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন গধুৰ ট্ৰাক

নিউজ ডেস্ক,২০জুলাই : শুকুৰবাৰে নিশা শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । এটা প্ৰচণ্ড শব্দ কৰি চাহ বাগিচাৰ মাজত বাগৰি পৰিল গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন গধুৰ ট্ৰাক । ৰঙাপৰা-মিছামাৰী সংযোগী পথছোৱাৰে তীব্ৰ গতিত গৈ থকা AS-09 AC-5719 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই বৰজুলি চাহ বাগিচাৰ মাজত বাগৰি পৰে । দুৰ্ঘটনাটি সংঘটিত হোৱাৰ পাচতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনে ভয়তে ঘটনাস্থলীৰ পৰা পলায়ন কৰে(Road Accident in Rangapara) ।
ইফালে ঘটনাৰ খবৰ পোৱাৰ পাচতে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া তিলক চন্দ্ৰ তেৰাং উপস্থিত হয় । গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ট্ৰাকখনত যাতে অগ্নিকাণ্ড সংঘটিত নহয় তাৰ বাবে ৰঙাপৰাৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বৰজুলিত উপস্থিত হয় । ইপিনে শনিবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হয় ট্ৰাকখনৰ চালক চনম বিশ্বকৰ্মা ।
ভালুকপুঙৰ পৰা গুৱাহাটী অভিমুখে খালী গেছৰ চিলিণ্ডাৰসমূহ লৈ গৈ আছিল বুলি জনাই চালকজনে । ঠিক তেনে সময়তে এখন সৰু গাড়ী সন্মুখৰ দিশৰ আহি থকাত উক্ত বাহনখন ৰক্ষা কৰিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন চাহ বাগিচাখনৰ মাজত বাগৰি পৰে । ট্ৰাকখনত 320 টা খালী গেছৰ চিলিণ্ডাৰ থকাৰ কথা সদৰী কৰে চালকজনে ।
লগতে পঢ়ক : Elephant menace in Chirang : চিৰাঙৰ ভাৰত-ভূটান সীমান্ত বন্যহস্তী আৰু মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ