Local, Vocal, Global

Road accident in Rajasthan : এক মৰ্মান্তিক দুৰ্ঘটনা, থিতাতে নিহত ৭জনকৈ লোক,আহত ২জন

নেশ্যনেল ডেস্ক, ২৯অক্টোবৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মাজত ভয়াৱহ সংঘৰ্ষ ফলত থিতাতে নিহত ৭জনকৈ লোক(Road accident in Rajasthan) ।

ৰাজস্থানত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ ৰাজ্যখনৰ হনুমানগড়-নৌৰাংদেশৰ সমীপত এখন বাহন আৰু ট্ৰ’লীৰ মাজত ভয়াৱহ সংঘৰ্ষ হয় ফলত থিতাতে নিহত হয় ৭ জনকৈ লোক ৷

জানিব পৰা মতে, শনিবাৰে সন্ধিয়া সংঘটিত হনুমানগড় জিলাৰ নৌৰাংদেশত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটি । এই দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে দুৰ্ঘটনাটোৰ ফলত ৭ জনকৈ লোক থিতাতে নিহত হোৱাৰ উপৰিও দুজন লোক গুৰুতৰভাৱে আহত হয়(7 Of Family Dead After Car Collides With Truck In Rajasthan) ।

উল্লেখ্য যে, এখন চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলত নিহত হোৱা লোকসকলৰ ভিতৰত চাৰিগৰাকী মহিলা, দুগৰাকী পুৰুষ আৰু এগৰাকী যুৱতী আছিল ।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, বাহনখনে অভাৰটেক কৰিবলৈ যোৱাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়(Road accident in Rajasthan leaves 7 dead)।

ইতিমধ্য়ে মৃত আটাইকেইটা মৃতদেহ নগৰ চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে । আনহাতে, আহত লোক দুজনক বিকানেৰলৈ প্ৰেৰণ কৰা হৈছে ৷

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ট্ৰ’লী চালকজনে পলায়ন কৰে । এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী অধীক্ষক ৰাজীৱ প্ৰচাৰে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিৰীক্ষণ কৰে ।

ইফালে হনুমানগড় টাউন থানাৰ বিষয়া বেদপালে ঘটনাস্থলীত আহি গুৰুতৰভাৱে আহত দুয়োজনকে হনুমানগড়ৰ পৰা বিকানেৰলৈ প্ৰেৰণ কৰে ।

তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত মুঠ ৯ জন লোক আছিল আৰু ইয়াৰে ভিতৰত ৭ জনৰ থিতাতে নিহত হয় আৰু দুজনলোক গুৰুতৰভাৱে আহত হয় । আহতসকলৰ ভিতৰত এজন যুৱক আৰু এটি শিশু ।

প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা লোক সকলক ক্ৰমে আছিল 60 বছৰীয়া পৰমজীত কৌৰ, তেওঁৰ দুই পুত্ৰ 36 বছৰীয়া ৰামপাল আৰু 25 বছৰীয়া খুছবিন্দ্ৰ, 35 বছৰীয়া পত্নী ৰীমা ৰামপাল, 22 বছৰীয়া পৰমজীতৰ লগতে চাৰিজন নাতি-নাতিনী, খুছবিন্দ্ৰৰ 5 বছৰীয়া আৰু 2 বছৰীয়া পুত্ৰ ক্ৰমে মঞ্জিত আৰু মনৰাজ, আকাশদীপৰ 14 বছৰীয়া পুত্ৰ ৰামপাল ৷ 12 বছৰীয়া এগৰাকী কন্যা আছিল ৷ মনৰাজ আৰু আকাশদীপক সংকটজনক অৱস্থাত চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে, আনহাতে আন 7 জন লোকৰ থিতাতে মৃত্যু হৈছে(Car and truck collide in Rajasthan, seven people of the same family killed) ।

লগতে পঢ়ক :Unidentified body stuffed inside sack recovered : বস্তাৰ ভিতৰত মৃতদেহ থকাৰ সন্দেহ