Road Accident In Numaligarh : ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত মৰিগাঁও জিলাৰ মনহা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি

নিউজ ডেস্ক,৭অক্টোবৰ : নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত নিহত ৩জনৰ ভিতৰত এজন আছিল মৰিগাঁও জিলাৰ মনহা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা জিলাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য পাৰ্থ প্ৰতিম বাংঠাই।
মৰিগাঁও জিলাৰ প্ৰাক্তন ছাত্ৰ নেতা,অগপ জিলা সমিতিৰ নিষ্ঠাৱান কৰ্মী তথা জিলা সাহিত্য সভাৰ আলোচনা চক্ৰ উপ সমিতিৰ সভাপতি মুনিন্দ্ৰ বাংঠাইৰ একমাত্ৰ অভিযন্তা পুত্ৰ পাৰ্থ প্ৰতিম বাংঠাইৰ কৰুণ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত(Road Accident In Numaligarh)।
পাৰ্থৰ অকাল মৃত্যুক লৈ কান্দোনত ভাগি পৰিছে পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোক সকল।প্ৰাক্তন ছাত্ৰ সন্থাৰ বিষয় ববীয়া গৰাকীৰ মৃত্যুৰ খৱৰ পোৱাৰ পিছতেই গভীৰ শোক প্ৰকাশ কৰিছে মৰিগাঁও জিলা সন্থাৰ সভাপতি দীপুল কুমাৰ নাথ,মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি সম্পাদক,মৰিগাঁও জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ,অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতি,মনহা আঞ্চলিক ছাত্ৰ সন্থা,বুৰাবুৰী শাখা সাহিত্য সভাকে ধৰি বিভিন্ন দল সংগঠনে।
উল্লেখ যে, শনিবাৰে নিশা নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত ৪জনৰ ৩জনেই থিতাতে মৃত্যুক সাৱতি লোৱাৰ বিপৰীতে এজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিব লগা হৈছিল ৷ মৃত যুৱক কেইজন এন, আৰ, এলৰ পি কে চি নামৰ ঠিকা প্ৰতিষ্ঠানৰ অভিযন্তা তথা নগাৱঁৰ দেৱজিৎ বৰদলৈ, অভিযন্তা তথা জাগীৰোড থানাৰ অন্তৰ্গত মনহা কোৱৰ গাঁৱৰ পাৰ্থ প্ৰতীম বাংথাই আৰু এজন মৰঙিৰ ৫ নং ৰংবঙৰ ঠিকাদাৰ বিৰিঞ্চি বৰা৷
আনহাতে আহত যুৱকজনৰ নাম ভৃগু শৰ্মা বুলি জানিব পৰা গৈছে ৷ নিশা নুমলীগড় দিশৰ পৰা এন আৰ এল অভিমুখে আহি থকা অবস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দেও পাহাৰৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ নিশাই নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহন সহ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত জনক ভি কে এন আৰ এল চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক :Road Accident In Rongapara : দুৰ্গোৎসৱৰ উখল-মাখল পৰিবেশৰ মাজতে ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা