Local, Vocal, Global

Road Accident in Nalbari : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য;তীব্ৰবেগী ডাম্পাৰ খুন্দাত নিহত ছাত্ৰী

নিউজ ডেস্ক,১২আগষ্ট : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে (Sensational Incident)।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Road Accident in Nalbari)।

পুনৰ ৰাজ্যত ডাম্পাৰৰ দৌৰাত্ম্য । তীব্ৰবেগী ডাম্পাৰ খুন্দাত নিহত ছাত্ৰী ।

নলবাৰী চহৰৰ গণেশ মন্দিৰ চ’কত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷

জানিব পৰা মতে, নলবাৰী জিলাৰ ক্ষুদ্ৰ বৰকটলাকুছিৰ মেধাৱী ছাত্ৰী পায়েল দেৱীয়ে অইন দিনাৰ দৰে আজিও নিজৰ চাইকেলখনেৰে গৈ আছিল নিজৰ শিক্ষানুষ্ঠানলৈ । নলবাৰী চহৰৰ স্প্ৰীং ডেল একাডেমী নামৰ শিক্ষানুষ্ঠানখনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী আছিল পায়েল দেৱী ৷ নিজ গৃহৰ পৰা চাইকেলেৰে ধমধমা পথেৰে আহি নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰ চ’কত প্ৰাণ হেৰুৱাবলগীয়া হয় পায়েলে ।

এই ঘটনা সংঘটিত হোৱাৰ পাচতে সমগ্ৰ নলবাৰী চহৰৰ গণেশ মন্দিৰ চ’কত সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ।

লগতে পঢ়ক : 4 Bangladeshi Nationals Detained in Karimganj: অবৈধভাৱে অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশৰ চাৰিজনকৈ নাগৰিকৰ