Road Accident in Nalbari : জ্যোতি সংগীতৰ শিল্পীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
নিউজ ডেস্ক,১৫জুলাই : জ্যোতি সংগীতৰ শিল্পীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত । কথমপি প্ৰাণ ৰক্ষা শিল্পী কেইগৰাকীৰ ।
বৰপেটাৰ সৰভোগত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । সোমাৰে সৰভোগৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্টৰ তলত সোমাল চাৰিচকীয়া বাহন।ফলত কথমপি প্ৰাণৰক্ষা ৪ গৰাকী জ্যোতি সংগীতৰ শিল্পীৰ৷ দূৰ্ঘটনাত পতিত লোককেইজন মৰমী দেৱী, হিমাশ্ৰী শৰ্মা,মালা শৰ্মা আৰু ৰঞ্জন ভট্টাচার্য বুলি জানিব পৰা গৈছে(Road Accident in Nalbari) ৷
বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ত জ্যোতি সংগীত কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰি গুৱাহাটীলৈ উভতাৰ পথত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।
লগতে পঢ়ক : Dilapidated Road In Kalgachia : বানে বিধস্ত কৰা পথক লৈ যমৰ যাতনাত ভূগিছে সাধৰণ ৰাইজ