Road Accident in Najira : নিয়ন্ত্ৰণ হেৰুওৱাই এটা পকা পুলত খুন্দা ভাৰ্ণা বাহনৰ
নাজিৰা,২ছেপ্তেম্বৰ : নিয়ন্ত্ৰণ হেৰুওৱাই এটা পকা পুলত খুন্দা ভাৰ্ণা বাহনৰ ।কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ ।
দেওবাৰে নিশা শিৱসাগৰ জিলাৰ নামতি চাৰি আলিত ভয়ংকৰ পথ দুৰ্ঘটনা । নামতিৰ ঐতিহাসিক ধোদৰ আলিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
জানিব পৰা মতে, নাজিৰা দিশৰ পৰা আমগুৰিৰ দিশে তীব্ৰ বেগেৰে গৈ থকা চাৰিচকীয়া ভাৰ্ণা (VERNA)বাহনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাই এটা পকা পুলত খুণ্ডা মাৰে ।ফলত কথমপি ৰক্ষা পৰে বাহনখনত থকা যাত্ৰী কেইজনৰ(Road Accident in Najira)।
দুৰ্ঘটনাত পতিত হোৱা বাহন খনৰ নম্বৰ হৈছে – AS 01 EV 4133 । দুৰ্ঘটনাৰ ফলত বাহনখনৰ কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয় ।
এই দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আমগুৰিৰ আৰক্ষী আৰু নামতি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাত পতিত হোৱা বাহনখন জব্দ কৰে আৰক্ষীয়ে।
লগতে পঢ়ক : Drugs peddler arrested along with drugs : কৰিমগঞ্জত জব্দ ৩০ কোটি টকাৰ ইয়াবা টেবলেট