Road Accident in Nagarbera : চলন্ত মালবাহী ভানৰ ওপৰত পৰিল প্ৰকাণ্ড গছ;আহত চালক

নিউজ ডেস্ক,২জুন : নগৰবেৰাৰ ভয়ংকৰ ঘটনা। শনিবাৰে নিশা নগৰবেৰাৰ মণ্ডলপাৰাত ধুমুহাত চলন্ত মালবাহী ভানৰ ওপৰত পৰিল প্ৰকাণ্ড গছ। বাহনৰ ওপৰত গছ পৰাৰ ফলত আহত চালক । আহত চালকজন ছফিয়াৰ আলী বুলি চিনাক্ত কৰা হৈছে। স্থানীয় ৰাইজ, আৰক্ষীয়ে গছ কাটি বাহনৰ পৰা উদ্ধাৰ কৰে চালকজনক।
স্থানীয় লোকে জনোৱা অনুসৰি ,শনিবাৰে নিশা অহা প্ৰচণ্ড ধুমুহাত চলন্ত মালবাহী বাহনখনৰ ওপৰত বাগৰি পৰে গছডাল(Road Accident in Nagarbera)।
ফলত গাড়ীখনৰ চালক ছফিয়াৰ আলী প্ৰায় দুঘন্টা সময় গাড়ীৰ ভিতৰত আৱদ্ধ হৈ থাকি অসুস্থ হৈ পৰে। পিছত স্থানীয় লোকে নগৰবেৰা আৰক্ষীৰ সহযোগত প্ৰকাণ্ড গছডাল কাটি চালকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আহত চালক ছফিয়াৰ আলীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।