Road Accident in Nagaon : তীব্ৰবেগী ট্ৰাকৰ খুন্দা বাইকত;নিহত এজন,আহত এজন

নিউজ ডেস্ক,২৭আগষ্ট : সোমবাৰে নিশা লংকা-নগাঁও সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰিলাইন্স পেট্রল পাম্পৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দা বাইকত।ফলত থিতাতে নিহত হয় এজন,আহত এজন ।
জানিব পৰা মতে, ট্ৰাকখনে ৰিলাইন্স পেট্রল পাম্পত সোমোওতেই পিছফালৰ খুন্দা মাৰে বাইকখনে। ফলত বাইকত অহা দুজন যুৱকৰ ভিতৰত এজন থিতাতে নিহত হোৱাৰ লগতে আনজন গুৰুতৰভাৱে আহত হয়। জানিব পৰামতে মৃত যুৱকজনৰ নাম আইজুল হক। ঘৰ কাকীৰ ৩নং ঠাইচুপাৰত(Road Accident in Nagaon) ।
নিশায়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ট্ৰাকখন জব্দ কৰে। ইতিমধ্যেই,আৰক্ষীয়ে মৃতদেহটোও ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক :Dr Rabin Sarmah passed away : বিশিষ্ট শিক্ষাবিদ ড° ৰবীন শৰ্মাৰ দেহাৱসান