Local, Vocal, Global

Road Accident in Nagaon : যাত্ৰীবাহী টেম্পুত খুন্দা বাছৰ

নগাঁও,২৬মে’ : নগাঁৱৰ পুৰণিগুদামত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে পুৱাই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।

জানিব পৰা মতে, দেওবাৰে পুৱাই যাত্ৰীবাহী টেম্পুত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে যাত্ৰীবাহী বাছে । ফলত দুৰ্ঘটনাট বেয়াকৈ ক্ষতিগ্ৰস্ত হয় যাত্ৰীবাহী টেম্পুখন । চামগুৰি পৰা নগাঁৱৰ দিশে গৈ আছিল টেম্পুখন সেই সময়তে হোজাই অভিমুখী বাছখনে খুন্দা মাৰে । দুৰ্ঘটনা সংঘটিত কৰি বাছখনে ঘটনাস্থলীৰ পৰা প্ৰায় এশ মিটাৰ আঁতৰত গৈ থমকি ৰয়(Road Accident in Nagaon) ।

দুৰ্ঘটনাগ্ৰস্ত টেম্পু খনত থকা এগৰাকী মহিলা আৰু দুজন পুৰুষ গুৰুতৰ ভাৱে আহত হয়। কিন্তু বৰ্তমানলৈ জানিব পৰা হোৱা নাই দুৰ্ঘটনাত আহত হোৱা লোকসকলৰ পৰিচয় ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত দুজন দেহৰক্ষী জোৱানত উপস্থিত হয় আৰু আঘাতপ্ৰাপ্ত লোকসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Assam man Goes Missing in Chennai : চেন্নাইত সন্ধানহীন বাক্সাৰ পাটলাৰ জয়ন্ত নাথ