Road Accident in Morigaon : তীব্রবেগী বলেৰ’ বাহনৰ প্রচণ্ড খুন্দা বাইকত;আহত ৩জন

নিউজ ডেস্ক,২৭আগষ্ট : মহানগৰীৰ গণেশগুৰি উৰণীয়া সেঁতুত ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্রবেগী বলেৰ’ বাহনৰ প্রচণ্ড খুন্দা বাইকত । ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।
এই দুৰ্ঘটনাটোত ইমানে ভয়ংকৰ আছিল যে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৩জন বাইক আৰোহী(Road Accident in Morigaon)।
জানিব পৰা মতে, এই দুৰ্ঘটনা সংঘটিত কৰা বাহনখন এৰি পলায়ন কৰে ড্রাইভাৰসহ আৰোহী।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই আহতসকলৰ পৰিচয় ।
দুৰ্ঘটনাগ্রস্ত বাইখনৰ নম্বৰ AS01 FY7113। ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক : Sensational Incident : মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰক নৃশংসভাৱে হত্যা;ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ