Local, Vocal, Global

Road Accident In Merapani:মেৰাপানীত ই-ৰিক্সা আৰু বলেৰ’ পিক আপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী

নিউজ ডেস্ক,৮অক্টোবৰ : এক শোকাৱহ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ।

মেৰাপানীত এক মৰ্মান্তিক দুৰ্ঘটনা। মেৰাপানীত ই-ৰিক্সা আৰু বলেৰ’ পিক আপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত নিহত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। নিহত ছাত্ৰীগৰাকী নিশিতা সোনোৱাল বুলি জানিব পৰা গৈছে ।ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ই-ৰিক্সা চালক(Road Accident In Merapani)।

জানিব পৰা মতে, মঙলবাৰে পুৱাৰ ভাগত ই-ৰিক্সাৰে বিদ্যালয়লৈ স্কুলীয়া ছাত্ৰী কঢ়িয়াই নিয়াৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত মেৰাপানী আৰক্ষী উপস্থিত হৈ বলেৰ’ বাহন সহ চালকক নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰে।

লগতে পঢ়ক :Indian Air Force Day 2024: আজি ভাৰতীয় বায়ু সেনা দিৱস