Local, Vocal, Global

Road Accident In Mayong : মৰ্মান্তিক দুৰ্ঘটনা; বন্ধুৰ সৈতে খোজ কাঢ়ি গৈ থাকোতে বাইকৰ খুন্দাত নিহত ছাত্ৰ

নিউজ ডেস্ক,৩অক্টোবৰ : এক মৰ্মান্তিক দুৰ্ঘটনা। বন্ধুৰ সৈতে খোজ কাঢ়ি গৈ থাকোতে বাইকৰ খুন্দাত নিহত ছাত্ৰ।

মনহা কছাৰীগাঁৱত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা।বুধবাৰে সন্ধিয়া সতীৰ্থৰ জন্ম দিনৰ বাবে ৩ বন্ধু খোজ কাঢ়ি গৈ থকা সময়তে ঘটনাটো সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।

জানিব পৰা মতে,তিনি বন্ধুয়ে খোজ কাঢ়ি থাকোতে গাঁৱৰ এজন নিচাসক্ত যুৱকে পিছফালৰ পৰা তীব্ৰ বেগেৰে গৈ খুন্দিয়াই দিয়ে যুৱক কেইজনক।বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় ছাত্ৰ এজন । আহত ছাত্ৰজন
ততাতৈয়াকৈ মনহা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও যুৱকজনৰ অৱস্থা সংকটজনক হোৱা বাবে GMCH লৈ প্ৰেৰণ কৰা হয়। কিন্তু ঝাৰগাঁৱতে মৃত্যু হয় মেধাসম্পন্ন ছাত্ৰ জনৰ।নিহত ছাত্ৰ জন ঝাৰগাঁও মোহনবাসী দাস কনিষ্ঠ মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ নয়ন জ্যোতি মেধি(Road Accident In Mayong)।

ইফালে ঘটনাৰ খবৰ পাই জাগীৰোড থানাৰ আৰক্ষীৰ লোক মনহা কছাৰীগাঁৱত উপস্থিত হয়। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।উল্লেখ্য যে, সন্তানৰ মৃত্যুত শোকস্বব্ধ হৈ পৰিছে পৰিয়ালবৰ্গ। কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া পিতৃ-মাতৃৰ লগতে গাঁও বাসী।

লগতে পঢ়ক :Pratima Barua Pandey Birth anniversary: আজি গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন