Local, Vocal, Global

Road Accident : শোকাৱহ পথ দুৰ্ঘটনা; ২০০ ফুট দ’ খাৱৈত বাগৰি পৰিল বলেৰ’ পিকআপ বাহন

নিউজ ডেস্ক, ২৮ছেপ্টেম্বৰ : শোকাৱহ পথ দুৰ্ঘটনা । দ’ খাৱৈত বাগৰি পৰিল মালবাহী বলেৰ’ পিকআপ বাহন(Road Accident)। প্ৰায় ২০০ ফুট দ’ খাৱৈত পৰে বাহনখন ফলত বাহনখনৰ চালকসহ হেণ্ডিমেন গুৰুতৰভাৱে আহত(Road Accident in Mariani)।

উল্লেখ্য যে, মৰিয়নিত ভয়ংকৰ পথ দুৰ্ঘটনা । বুধবাৰে নিশা মৰিয়নি-মোককচাং পথত এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়। অসম-নাগালেণ্ড সীমান্তৰ চুটাফলা চেকগেটৰ সমীপৰ দ’ খাৱৈত বাগৰি পৰিল এখন মালবাহী বলেৰ’ পিকআপ বাহন। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চালকসহ হেণ্ডিমেন । আঘাতপ্ৰাপ্ত চালক আৰু হেণ্ডিমেনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে(Tragic Road Accident at Mariani mokoksang Road driver and handiman seriously injured)।

জানিব পৰা মতে, দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS-O3BC-8068 । দুৰ্ঘটনাগ্ৰস্ত বাহনখন মৰিয়নিৰ পৰা নাগালেণ্ড অভিমুখে সামগ্ৰী কঢ়িয়াই গৈ আছিল। গাড়ীখন চলি থকা অৱস্থাতেই দ’ খাৱৈত বাগৰি পৰে।

শেহতীয়াকৈ কিছুদিন পূৰ্বে সেই একেটা স্থানতে আন এখন মালবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈছিল। একেটা স্থানতে এনেদৰে প্ৰায়েই দুৰ্ঘটনা সংঘটিত হোৱাটো এক চিন্তাৰ বিষয় হৈ পৰিছে। এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগে শীঘ্ৰেই কোনো ধৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে(Road Accident in Mariani)।

লগতে পঢ়ক :Fire break out: জোনাই সদৰৰ দৈনিক বজাৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড