Road Accident : পিতৃৰ মৃত্যুৰ ৫ মাহ পাৰ নহওঁতে মৃত্যু মাতৃ- পুত্ৰৰ

নিউজ ডেস্ক, ২৪ জানুৱাৰী : ট্ৰাক আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ । থিতাতে নিহত মাতৃ -পুত্ৰ(Road Accident in Mangaldoi) ।
মঙলদৈত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । মঙলবাৰে নিশা প্ৰায় ১২ মান বজাত মঙলদৈৰ উদ্যোগৰ চকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুর্ঘটনাটো।
জানিব পৰা মতে, মঙলবাৰে নিশা মাতৃ আৰু পুত্ৰই স্কুটিৰে গৈ থকাৰ সময়তে এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় ফলত থিতাতে নিহত হয় মাতৃ আৰু পুত্ৰ ।
নিহত মহিলা গৰাকী জুৰি বৰুৱা শইকীয়া আৰু পৰাগ জ্যোতি শইকীয়া, ঘৰ মঙলদৈৰ নিকতৱৰ্তী গেৰিমাৰীত বুলি চিনাক্ত কৰা হৈছে(Road Accident ) ।
উল্লেখ্য যে মৃত জুৰি বৰুৱা আৰু পৰাগ জ্যোতি শইকীয়া মঙলদৈৰ বিশিষ্ট অধিবক্তা কৰবীজ্যাতি শইকীয়াৰ মাতৃ আৰু ভাতৃ।
নিশা এই ভয়ংকৰ দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় মঙলদৈ আৰক্ষী আৰু মৃতদেহ দুটা উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে। স্মৰ্তব্য যোৱা চেপ্টেম্বৰ মাহতে এই পৰিয়ালটোৱে হেৰুৱাইছিল তেওঁলোকৰ পিতৃক।
লগতে পঢ়ক :Massive Marijuana Seizure in Guwahati : মহানগৰীৰ নালাপাৰাত জব্দ ১০ কোটি টকাৰ গাঞ্জা