Road accident in Lanka : মহা মৃত্যুঞ্জয় মন্দিৰৰ পৰা উভতি অহাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা;আহত ৫জনকৈ যাত্ৰী

নিউজ ডেস্ক,১৯আগষ্ট : মহা মৃত্যুঞ্জয় মন্দিৰৰ পৰা উভতি অহাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা । গুৰুতভাৱে আহত ৫জনকৈ যাত্ৰী ।
লংকাৰ ভালুকমাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । বল বমৰ দল কঢ়িয়াই অনা টেম্পু আৰু আল্ট্ৰা বাছৰ মাজত মুখামুখী সংঘৰ্ষ ।মহা মৃত্যুঞ্জয় মন্দিৰৰ পৰা উভতি অহাৰ সময়তে ভালুকমাৰী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । এই দুৰ্ঘটনাত টেম্পুত অহা ৫ গৰাকীকৈ মহিলা যাত্ৰী আহত হয়(Road accident in Lanka)।
আহত লোকসকলক জোৰাপুখুৰীৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । জানিব পৰা মতে, কাৰ্বি আংলঙৰ দিয়ুংমুখৰ সমীপৰ পৰা আহিছিল দলটো ।