Local, Vocal, Global

Road accident in Kheorni:নিয়ন্ত্ৰণ হেৰুৱাই কপিলী নৈৰ পাৰত বাগৰিল ট্ৰেক্টৰ;নিহত ট্ৰেক্টৰ চালক

নিউজ ডেস্ক,১৬জানুৱাৰী : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা। নিশা আৰনাম-টেপলঙৰ কিলিং গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

জানিব পৰা মতে,আৰনাম-টেপলঙৰ কিলিং গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই কপিলী নৈৰ পাৰত ট্ৰেক্টৰ বাগৰি পৰে ফলত থিতাতে নিহত হয় ট্ৰেক্টৰ চালক। নম্বৰ প্লেটবিহীন ট্ৰেক্টৰখনেৰে কাঠ কঢ়িয়াই থকা সময়তে সংঘটিত হয় দুৰ্ঘটনাটো(Road accident in Kheorni)।

ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । তদন্তত চালকজন ৰিকাংমীহম গাঁৱৰ জেমচন ইংলেঙ বুলি চিনাক্ত কৰে পৰিয়ালৰ লগতে খেৰণি আৰক্ষীয়ে।

লগতে পঢ়ক :Sivasagar News: টাইপাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত পঞ্চদশ ৰংপুৰ মেলা