Local, Vocal, Global

Road Accident in Karimganj : ৰৈ থকা ডাম্পাৰত খুন্দা এল্টো বাহনৰ;আহত তিনিজন

কৰিমগঞ্জ,১৫জুলাই : ডাম্পাৰত খুন্দা এল্টো বাহনৰ । আহত তিনিজন ।

কৰিমগঞ্জৰ নিলামবাজাৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুর্ঘটনা। অসম ত্রিপুৰা ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ডাম্পাৰত খুন্দা এল্টো বাহনৰ। ফলত গুৰুতৰভাৱে আহত তিনিজন(Road Accident in Karimganj) ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ আহত লোকেসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনাত আহত লোক তিনিজন দলন মিয়া, সৌৰভ নমশুদ্র এবং, আলিম উদ্দিন বুলি জানিব পৰা গৈছে ।

এই ভয়ংকৰ ঘটনাৰ সমগ্ৰ দৃশ্য বন্দি হৈছে CCTV কেমেৰাত।

লগতে পঢ়ক : Spain beat England in Euro 2024 final : ২০২৪ৰ ইউৰো কাপ ফুটবলৰ খিতাপ দখল স্পেইনৰ