Local, Vocal, Global

Road accident in Kaliabor: ট্ৰাকত খুন্দা স্কুটীৰ; আহত এজন

কলিয়াবৰ,৪ফেব্ৰুৱাৰী : সৰস্বতী পূজাৰ আনন্দ উল্লাহৰ মাজতে নিশা কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

কলিয়াবৰৰ মাধৱ গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু স্কুটীৰ মাজত ভয়াবহ সংঘৰ্ষ।

জানিব পৰা মতে, ট্ৰাকৰ পাছফালে স্কুটী আৰোহীয়ে প্ৰচণ্ড বেগত আহি খুন্দা মাৰে ফলত আহত হয় স্কুটী আৰোহী।দুৰ্ঘটনাত আহত যুৱকজন কলিয়াবৰৰ হাতী গাঁৱৰ সুদীপ্ত বৰা বুলি জানিব পৰা গৈছে(Road accident in Kaliabor)।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা পিছতে ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত কলিয়াবৰ সমজিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

কলিয়াবৰত প্ৰাথমিক চিকিৎসাৰ অন্তত যুৱক জনক সংকটজনক অৱস্থাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনা গ্ৰস্থ ট্ৰাক খনৰ নম্বৰ হৈছে AS 01 LC 4402 আৰু স্কুটী খনৰ নম্বৰ হৈছে AS 12 U 9941।

লগতে পঢ়ক :Road accident in Beltola Tiniali: দ্ৰুতবেগী ডাম্পাৰে প্ৰাণ কাঢ়িলে অভিনেত্ৰী মনোৰমা বৰুৱাৰ