Local, Vocal, Global

Road Accident in Kaliabor : S.I জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত বাগৰি পৰিল ১২ চকীয়া মালবাহী ট্ৰাক

কলিয়াবৰ,১৩জুন : ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ পৃথক পথ দুৰ্ঘটনা । S.I জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত বাগৰি পৰিল ১২ চকীয়া মালবাহী ট্ৰাক ।

কলিয়াবৰ জখলাবন্ধা থানাৰ এলেকাৰ সৰুভগীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হৈছে দুটাকৈ পথ দূৰ্ঘটনা। যোৰহাট দিশৰ পৰা কলিয়াবৰ দিশে আহি থকা AS-01-RC-7461 নম্বৰ কন্টেনাৰ বাহনখনক দিল্লীৰ পৰা তিনিচুকীয়া দিশলৈ গৈ থকা UP-21-AN-3928 নম্বৰৰ কন্টেনাৰ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দূৰ্ঘটনাটো(Road Accident in Kaliabor)।

দূৰ্ঘটনাত বহুসময় ধৰি বাহনৰ ভিতৰতে আবদ্ধ হৈ থাকে চালক। স্থানীয় ৰাইজৰ তৎপৰতা ত চালকক উদ্ধাৰ কৰে যদিও UP পঞ্জীয়ন থকা বাহনখনৰ চালকৰ ভৰি ভাগে বুলি জানিব পৰা যায়। উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ পেৰণ কৰে। আনহাতে পূৰ্বৰ S.I জোনমণী ৰাভাৰ দূৰ্ঘটনাস্থলিতAS-25-EC-0763 নম্বৰৰ ১২ চকীয়া এখন মালবাহী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে আৰু জখলাবন্ধা থানাৰ সহযোগত চালকজনক উদ্ধাৰ কৰি কলিয়াবৰ মহকুমা চিকিৎসালয়ত চিকিৎসাৰ বাবে পেৰণ কৰে। বহুসময় ধৰি উজনি-নামনি মূৱা যাতায়ত অচল হৈ পৰে ।

লগতে পঢ়ক : Self-reliant youth : মেৰাপানীৰ দুই যুৱকৰ প্ৰশংসনীয় পদক্ষেপ! ধূপকাঠি নিৰ্মাণেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে দুই যুৱকে