Local, Vocal, Global

Road accident in Kaliabor : সন্তানৰ মুখ দেখাৰ আগতে নিষ্ঠুৰ নিয়তিয়ে প্ৰাণ কাঢ়িলে পিতৃৰ

কলিয়াবৰ, ১০ নৱেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা ।গৰ্ভৱতী পত্নীৰ খবৰ ল’বলৈ গৈ আধা বাটতে প্ৰাণ গ’ল স্বামীৰ । সন্তানৰ মুখ দেখাৰ আগতে নিষ্ঠুৰ নিয়তিয়ে প্ৰাণ কাঢ়িলে পিতৃৰ ।

এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছে কলিয়াবৰত । বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ বৰালিগাঁওৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো(Road accident in Kaliabor) ।

বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ আমবাগানৰ শুভাংকৰ পণ্ডিত নামৰ লোকজনে পত্নীৰ সন্তান সম্ভৱা হোৱাৰ বাবেই নিশা কলিয়াবৰৰ আমবাগানৰ ঘৰৰ পৰা চামগুৰিৰ গটঙাৰ শহুৰৰ ঘৰলৈ গৈ আছিল । সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথত সংকেট বিহীন ভাৱে ৰৈ থকা AS09C3370 নাম্বাৰৰ এখন বৈদ্যুতিক খুটা পৰিবাহী বাহনত শুভাংকৰ পণ্ডিতৰ বাহনখনে খুন্দা মাৰে । ফলত দুৰ্ঘটনাত নিহত হয় শুভাংকৰ পণ্ডিত নামৰ ব্যক্তিজন(Road accident)।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । একাংশই দুৰ্ঘটনাৰ বাবে আৰক্ষীক জগৰীয়া কৰে।

এতিয়াই প্ৰশ্ন হয়, কেইবা ঘণ্টা ধৰি পথৰ ওপৰত সংকেত বিহীন ভাবে বাহন ৰখাই থোৱাৰ পিছতো কিয় মিছা আৰক্ষীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰিলে।

লগতে পঢ়ক : Mumbai Bandra Worli Sea Link Accident: ভয়ংকৰ দুৰ্ঘটনা; ইনোভা বাহনৰ খুন্দা কেইবাখনো বাহনত