Road Accident in Juria: জুৰীয়াত উদণ্ড বাইক চালকৰ দৌৰাত্ম্য

নিউজ ডেস্ক,২৭অক্টোবৰ : জুৰীয়াত উদণ্ড বাইক চালকৰ দৌৰাত্ম্য।দলনি জুৰীয়াৰ বজাৰৰ মাজমজিয়াত ভয়ংকৰ দুৰ্ঘটনা।
দ্ৰুতবেগী বাইকে খুন্দিয়ালে পথৰ দাঁতিত থিয় হৈ থকা বৃদ্ধক। ফলত বহু দূৰৈত ছিটিকি পৰে লোকজন। গুৰুতৰভাৱে আহত হয় লোকজন ।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোকজন ফজৰ আলী বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মটৰ চাইকেল আৰোহীজন(Road Accident in Juria)।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ আহত বৃদ্ধ লোকজনক উদ্ধাৰ কৰি চিকিৎসালয় লৈ প্ৰেৰণ কৰে।দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ AS02 AQ 1082 । ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
লগতে পঢ়ক :Boat collision in Bilasipara :৩খনকৈ নাওৰ মাজত মুখামুখি সংঘৰ্ষ;সন্ধানহীন শিশু