Road Accident in Jorhat : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য;তীব্ৰবেগী ডাম্পাৰ খুন্দাত নিহত কিশোৰীৰ

নিউজ ডেস্ক, ২২জুলাই : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে (Sensational Incident)।
ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Road Accident in Jorhat)।
পুনৰ ৰাজ্যত ডাম্পাৰৰ দৌৰাত্ম্য । তীব্ৰবেগী ডাম্পাৰ খুন্দাত নিহত পথচাৰীৰ ।
পশ্চিম যোৰহাটত শোকাৱহ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে এগৰাকী কিশোৰীক৷ উপ-পথত ৰৈ থকা অৱস্থাতে কিশোৰীগৰাকীক ডাম্পাৰে মহতিয়াই লৈ যায়৷
পুলিবৰ থানা অন্তৰ্গত বৰহুজৰ ৩৭ নং ৰাষ্ট্ৰীয ঘাইপথত AS03CC4382 বালিভৰ্তি ডাম্পাৰ খনে মহতিয়াই নিয়ে কিশোৰীগৰাকীক । নিহত কিশোৰীগৰাকী মনিষা দাস,বয়স ১৩ বছৰ বুলি জানিব পৰা গৈছে ।
এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত পুলিবৰ আৰক্ষী উপস্থিত হয় আৰু জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন ।
লগতে পঢ়ক : Drugs peddler arrested along with drugs : বোকাজানত জব্দ বুজন পৰিমাণৰ বিদেশী চিগাৰেট; গ্ৰেপ্তাৰ দুই সৰবাৰকাৰী