Local, Vocal, Global

Road Accident In Jogighopa : বাইকৰ লগত চাইকেলৰ সংঘৰ্ষ;নিহত এজন

নিউজ ডেস্ক,১২অক্টোবৰ : পূজাৰ আনন্দ-উল্লাসৰ মাজতে যোগীঘোপাত মৰ্মান্তিক দুৰ্ঘটনা। শুকুৰবাৰে নিশা খোৰাগাঁৱৰ কাছাৰীপাৰাত সংঘটিত হয় দুৰ্ঘটনাটো।

পূজা চাবলৈ বুলি ঘৰৰ পৰা ওলাই আহোতেই মৃত্যুক সাৱটিলে এজন যুৱকে। নিহত যুৱকজন গৌতম ৰাভা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে,শুকুৰবাৰে নিশা পূজা চাবলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল গৌতম ৰাভা । হঠাতে গৌতম ৰাভাৰ চলাই অহা বাইকৰ লগত চাইকেল আৰোহীৰ সংঘৰ্ষ হয়।সংঘৰ্ষত বাইকৰ পৰা ওফৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় গৌতম(Road Accident In Jogighopa)।

আঘাতপ্ৰাপ্ত গৌতম ৰাভাক চিকিৎসালয়ৈ প্ৰেৰণ কৰা হয় যদিও পথত মৃত্যু হয় গৌতম ৰাভাৰ।

লগতে পঢ়ক :Road Accident In Barpeta : দুৰ্গাপূজাৰ আনন্দ উছাহৰ মাজতে বৰপেটাত শোকাৱহ পথ দুৰ্ঘটনা;নিহত দুই যুৱক