Road accident: দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ;নিহত চেঁচা চাহ বাগিচাৰ ফেক্টৰী মেনেজাৰ

জামুগুৰিহাট,১১ফেব্ৰুৱাৰী : ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত এজন,আহত দুজন(Road accident)।
মঙলবাৰে নিশা ৰঙাপৰাৰ চেঁচা চাহ বাগিচাৰ ফেক্টৰীৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় । সংঘৰ্ষত চেঁচা চাহ বাগিচাৰ ফেক্টৰী মেনেজাৰ প্ৰিতম বৰুৱা নিহত হোৱাৰ লগতে বিন্দুকুৰি FCI গুদামৰ বিকী কান্দোলনা আৰু ইছদৰ তপ্ন গুৰুতভাৱে আহত হয়(Road accident in Jamugurihat)৷
জানিব পৰা মতে, ফেক্টৰী মেনেজাৰ প্ৰিতম বৰুৱাই নিজৰ কাম শেষ কৰি AS-12-H- 0185 নম্বৰ মটৰচাইকেল খনেৰে ঠাকুৰবাৰী নাহৰবাৰীৰ নিজ গৃহলৈ আহি থকা সময়ত ৰঙাপৰাৰ পৰা বিন্দুকুৰি অভিমুখী নম্বৰপ্লেট বিহীন মটৰচাইকেল খনে খুন্দা মৰাত গুৰুতভাৱে আহত হয় প্ৰিতম বৰুৱা ৷ আহত প্ৰিতম বৰুৱা ১০৮ এম্বুলেন্স জৰিয়তে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও মৃত্যু সাৱতি লয় ৷ আনহাতে নম্বৰ বিহীন মটৰচাইকেলৰ আৰোহী দুজনক চেঁচা চাহ বাগিচাৰ চিকিৎসালয় ভৰ্তি কৰোৱা হয় ৷
লগতে পঢ়ক :Open destruction of Abhoypur reserve forest:সোণাৰিত কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ