Road Accident in Jamugurihat : বাইক আৰু অল্ট’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ
জামুগুৰিহাট, ৯জুন : বাইক আৰু অল্ট’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, আহত দুজন ।
জামুগুৰিহাটৰ টুপিয়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দেওবাৰে জামুগুৰিহাটৰ টুপিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু অল্ট বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়(Road Accident in Jamugurihat) ৷
জানিব পৰা মতে, বলিপৰাৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখি AS-13-K-6569 নম্বৰৰ অল্ট বাহন বিপৰীত দিশৰ পৰা অহা AS12-G-8939 নম্বৰৰ বাইকখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী দুজন । আহত বাইক আৰোহী দুজন জামুগুৰিহাটৰ বামুনীপাম গাঁৱৰ ৰঞ্জন মিলি আৰু বাবা কুৰ্মি বুলি জানিব পৰা গৈছে ৷
এই ভয়ংকৰ দুৰ্ঘটনাত আহত লোকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷