Local, Vocal, Global

Road accident in jagiroad :যাত্ৰীবাহী মেজিক আৰু পালছাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ; থিতাতে নিহত দুই বাইক আৰোহী

নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা ।দুৰ্ঘটনাত থিতাতে নিহত দুজন ।

জাগীৰোডৰ চেনিমাৰিত শুকুৰবাৰে নিশা সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী।

নিহত বাইক আৰোহী দুজন মৰিগাঁৱৰ উদাহিনবড়ীৰ হেমন্ত দাস আৰু ৰঞ্জন বৰদলৈ বুলি জানিব পৰা গৈছেRoad accident in jagiroad)।

জানিব পৰা মতে, শুকুৰবাৰে নিশা ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত পালছাৰ বাইকখন। বিপৰীত দিশৰ পৰা অহা যাত্ৰীবাহী মেজিকৰে মুখামুখি সংঘৰ্ষ বাইকখনৰ। ফলত থিতাতে নিহত হয় বাইক আৰোহী দুজন।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু নিশাই এজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

যদিও পুৱাই পথৰ কাষৰ পুখুৰীৰ পৰা উদ্ধাৰ আনটো মৃতদেহ।

লগতে পঢ়ক : Rare species of Turtles found : ধুবুৰীত উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছ