Local, Vocal, Global

Road Accident in Guwahati : খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা; দ্ৰুতবেগী বেলেন’ বাহনে মহতিয়ালে কেইবাজনো লোকক

নিউজ ডেস্ক,২৩মে’ : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী বেলেন’ বাহনে মহতিয়ালে কেইবাজনো লোকক । খানাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো ।

জানিব পৰা মতে, এখন বেলেন’ বাহনখন হোজাইৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। সেই সময়তে দ্ৰুতবেগী বেলেন’ বাহনখনে প্ৰথমে প্ৰচণ্ড খুন্দা মাৰে এখন বাহনত। ফলত দুৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় । বেলেন’ বাহনখন মেঘালয়ৰ পঞ্জীয়নভুক্ত । বাহনখনৰ চালকজন ২০ বছৰীয়া আব্বাছ আলী বুলি জানিব পৰা গৈছে(Road Accident in Guwahati)।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰে একাংশ লোক। চালক আব্বাছ আলীক উঠাই নিয়ে একাংশ লোকে। চালকজন ক’ত আছে সেই সম্পৰ্কে বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

আৰক্ষীয়েও বিচাৰি পোৱা নাই আব্বাছ আলীক।

লগতে পঢ়ক : Massive fire breaks out at Silapathar : ভয়ংকৰ অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত ফাৰ্নিচাৰ দোকানসহ এটা ভাড়া ঘৰ