Road Accident : গোলাঘাটত ডাম্পাৰ চালকৰ দৌৰাত্ম্য; ডাম্পাৰৰ খুন্দাত নিহত চাইকেল আৰোহী

নিউজ ডেস্ক, ১০জানুৱাৰী : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।
ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক । ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Road Accident in Golaghat) ।
এইবাৰ গোলাঘাটত ডাম্পাৰ চালকৰ দৌৰাত্ম। দিনক দিনে গোলাঘাটত বৃদ্ধি পাবলৈ ধৰিছে ডাম্পাৰ চালকৰ দৌৰাত্ম ৷
পুনৰ গোলাঘাট নগৰত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এজন চাইকেল আৰোহী ৷ মঙলবাৰে নিশা গোলাঘাটৰ বেঙেনাখোৱা চাৰিআলি সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷
ঘটনা অনুসৰি,মঙলবাৰে নিশাৰ ভাগত তীব্ৰ বেগত অহা AS02BC9477 নম্বৰৰ ডাম্পাৰখনে এজন চাইকেল আৰোহীক মহতিয়াই লৈ যায় ৷ যাৰ ফলত থিতাতে নিহত হয় চাইকেল আৰেহীজন ৷ নিহত চাইকেল আৰোহীজন বেঙেনাখোৱাৰ অজয় কুমাৰ জয়ছোৱাল বুলি চিনাক্ত কৰা হৈছে ৷
ইতিমধ্যে মঙলবাৰে নিশাৰ ভাগতে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু ডাম্পাৰখন জব্দ কৰে আৰক্ষীয়ে ৷
ঘটনাসন্দৰ্ভত ৰাইজে কয়, ‘‘গোলাঘাটত প্ৰায়েই চালকে ডাম্পাৰসমূহ তীব্ৰবেগেৰে চলাই ৷ সেয়ে ৰাতি ১০ বজাৰ পৰা পুৱা ৫ বজালৈকে ডাস্পাৰসমূহৰ চলাচল কৰিবলৈ দিব লাগে ৷ অন্যথা আৰু এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈয়ে থাকিব’’ ৷