Local, Vocal, Global

Road Accident in Goalpara : নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে আহিছে কেইবাটাও বেয়া খবৰ

নিউজ ডেস্ক, ১ জানুৱাৰী : আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন । সকলোৱে আনন্দ উল্লাহৰ মাজেৰে নৱবৰ্ষক আদৰিছে ।

নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে আহিছে কেইবাটাও বেয়া খবৰ(Road Accident in Goalpara)।

বছৰৰ প্ৰথমটো দিনতে গোৱালপাৰাত সংঘটিত সংঘটিত হৈছে তিনিটাকৈ মৰ্মান্তিক দুৰ্ঘটনা ।

সোমবাৰে পুৱাতি নিশা ৰংজুলিৰ সাৰাপাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত স্কৰপিঅ’ বাহনে মহটিয়াই নিলে পালছাৰ বাইকক। তীব্ৰবেগী স্কৰপিঅ’ বাহনে পালছাৰ বাইক মহটিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী। নিহত বাইক আৰোহী জন তাৰিণী কেওট বুলি চিনাক্ত কৰা হৈছে ।ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় জহন গোৱালা নামৰ আন এজন যুৱকো(3 Died in Seperate Road Accident in Goalpara)।

ইফালে নৱবৰ্ষৰ প্ৰথম দিনটোতে দুধনৈতো সংঘটিত হয় দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা। দুধনৈৰ ১৭নং ৰাষ্ট্ৰীয় পথৰ লেলা কদমতলাত পথচাৰীক মহটিয়াই নিলে অচিনাক্ত বাহনে। খোজকাঢ়ি গৈ থকাৰ অৱস্থাত তীব্ৰবেগী বাহনে খুন্দিয়াই পথচাৰীক ফলত থিতাতে নিহত আনোৱাৰ আলী নামৰ এজন লোক।

ইফালে, দুধনৈ নদীৰ দলঙৰ সমীপতো সংঘটিত হয় আন এটা পথ দুৰ্ঘটনা। বাইক চলাই গৈ থকাৰ অৱস্থাত অচিনাক্ত বাহনে মহটিয়ালে বাইক আৰোহীক। দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী বিনোদ ছেত্ৰী নামৰ যুৱকজন।

লগতে পঢ়ক :Six killed in Horrific Road Accident on New Year Day : নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে শোকাৱহ দুৰ্ঘটনা; নিহত ৬জনকৈ যাত্ৰী