Local, Vocal, Global

Road Accident in Ghilamora: সত্ৰ নগৰী মাজুলীত ৰাস উৎসৱ উপভোগ কৰি ঘৰলৈ উভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা; আহত ১৩গৰাকী

নিউজ ডেস্ক,১৬নৱেম্বৰ : শনিবাৰে পুৱা ঘিলামৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰী কঢ়িয়াই অনা বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে ।ফলত গুৰুতৰভাৱে আহত হয় ১৩গৰাকৈ লোক।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখন মাজুলীৰ পৰা লখিমপুৰ অভিমুখে গৈ আছিল।শনিবাৰে পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতে ঘিলামৰা থানাৰ অচি নয়নজ্যোতি ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু আহত সকলক উদ্ধাৰ কৰি ১০৮ সেৱাৰ জৰিয়তে ঘিলামৰা সামূহিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে(Road Accident in Ghilamora)।

আহত সকলক ঘিলামৰা সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা আগবঢ়াই উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, সত্ৰ নগৰী মাজুলীৰ সৰু সত্ৰত ৰাস উৎসৱ উপভোগ কৰি ঘৰলৈ উভতিছিল প্ৰায় ১৩ গৰাকী যাত্ৰী কঢ়িওৱা এ এছ ০৭ বি চি ৬৯৮৪ নম্বৰৰ মালবাহী লঘু বাহনখন।আজাদৰ লোকেন ৰাজখোৱা বাহনখনে যাত্ৰী কঢ়িয়াই ঘিলামৰা পাৰহৈ বৰদৈ পোৱাৰ সময়তে পথত এটা গৰু দেখি কাষলৈ চাপি যাওতে পথৰ পৰা বহু তললৈ নামি যায়। ফলত বাহনখনত থকা সকলো পুৰুষ মহিলা শিশু যাত্ৰী বহু দূৰলৈ চিটিকি পৰি গুৰুতৰ ভাবে জখম হয়। এই সন্দৰ্ভত ঘিলামৰা থানাত এটা গোচৰ ৰুজু হৈছে আৰু আৰক্ষীয়ে পৰিত্যক্ত গাড়ীখন উদ্ধাৰ কৰি থানালৈ নিছে।

লগতে পঢ়ক :Newly married bride-groom dies in ghastly car accident :এক মৰ্মান্তিক দুৰ্ঘটনা;নিহত দৰা-কইনাসহ ৭জন