Road Accident in Gelakey : গেলেকীৰ ন-আলিত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাৰ নতুন মোৰ
নিউজ ডেস্ক,২৮জুলাই : গেলেকীৰ ন-আলিত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাৰ নতুন মোৰ । ঘটনাৰ সন্দৰ্ভত গেলেকীৰ আৰক্ষীয়ে জব্দ কৰিছে এখন বলেৰ’ বাহন ।ঘটনাৰ সন্দৰ্ভত AS03BC9899 নম্বৰৰ এখন মহিন্দ্ৰা বলেৰ’ পিকাপ বাহন জব্দ কৰিছে গেলেকীৰ আৰক্ষীয়ে(Road Accident in Gelakey)।
উল্লেখ্য যে, গেলেকীৰ ন-আলিৰ মছজিদৰ সন্মুখত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হৈছিল মেকীপুৰ চাহ বাগিচাৰ গজানন্দ ৰাজোৱাৰ নামৰ এজন যুৱক । আহত হৈছিল দীপ গুৱালা নামপ আন এজন যুৱক । ঘটনাটোত গুৰুতৰভাৱে আহত দীপ গুৱালা বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ।
দীপ গুৱালাৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি দীপ গগৈয়ে চিকিৎসালয়ত দিছিল এক বিস্ফোৰক ভাষ্য ।দীপ গুৱালাৰ পৰিয়ালৰ লোকে জনোৱা মতে গেলেকীৰ আৰক্ষীয়ে জব্দ কৰা বলেৰ’ বাহন খনৰ বাবে সংঘটিত হৈছিল এই শোকাৱহ ঘটনাটো ।
কাৰণ বাহনখনে কোনো ধৰণৰ সংকেত নিদিয়াকৈ হঠাতে সোঁফাললৈ ঘূৰাই দিছিল । যাৰ বাবে তীব্ৰ গতিত থকা বাইক আৰোহী কেইজনে বিমোৰত পৰি বলেৰ” খনৰ মালিকৰ ঘৰৰ পকা ৱালৰ কাষত পৰি গৈছিল
আৰু থিতাতে মৃত্যুক সাৱটিছিল গজানন্দ ৰাজোৱাৰ নামৰ যুৱকজনে ।
জানিব পৰা মতে ঘটনাৰ সময়ত মছজিদত নামাজৰ বাবে যোৱা একাংশই প্ৰত্যক্ষ কৰিছিল ঘটনাটো লগতে মছজিদত থকা CCTV ৰ ফুটেজটো আৰক্ষীয়ে লাভ কৰিছে কিছু তথ্য
এতিয়া এই তথ্যৰ ভিত্তিত আগবাঢ়িছে আৰক্ষীৰ তদন্ত(Road Accident in Gelakey) ।
ইফালে দুয়োজন যুৱকৰে উচিত ক্ষতিপুৰণৰ দাবী কৰিছে দীপ গুৱালাৰ পৰিয়ালে ।
লগতে পঢ়ক :জটিল ৰোগত আক্ৰান্ত এটি কণমানি; আৰ্থিক সহায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান