Local, Vocal, Global

Road Accident in Gauripur: দ্ৰুতবেগী মালবাহী ট্ৰাকে মহতিয়াই নিলে পথচাৰীক;নিহত এজন,আহত এজন

নিউজ ডেস্ক,২৬অক্টোবৰ : গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাত থিতাতে নিহত এজন লোক।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গৌৰীপুৰ বেপৰিপট্টিত এখন দ্ৰুতবেগী মালবাহী ট্ৰাকে মহতিয়াই নিয়ে দুগৰাকী পথচাৰীক। দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী ই ৰিক্সা চালক আৰু বিএছএফ জোৱান এগৰাকী গুৰুতৰভাৱে আহত হয়। ই ৰিক্সা চালক গৰাকীৰ বিষয়ে এতিয়াও সবিশেষ জানিব পৰা নাই। ইফালে বিএছএফ গৰাকী গৌৰীপুৰ কেম্পৰ মহাদেৱ পাল বুলি চিনাক্ত কৰা হৈছে(Road Accident in Gauripur)।

ঘটনাত আহত বিএছএফ জোৱান গৰাকীৰ অৱস্থা অতি সংকট জনক হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক :4 killed in house fire in Gurgaon : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা;জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৪জনকৈ যুৱকৰ