Road Accident in Dhubri : তীব্ৰ বেগী আল্ট্রা বাছৰ খুন্দা মালবাহী ট্ৰাকত;আহত যাত্ৰী
ধুবুৰী, ২৩ ছেপ্টেম্বৰ: ধুবুৰী জিলাৰ পৰ্বতঝোৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । সোমবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে আহি থকা AS 17 C 9000 নম্বৰৰ তীব্ৰ বেগী আল্ট্রা বাছে মালবাহী ট্ৰাকৰ পিছফালে খুন্দা মাৰে ফলত গুৰুতৰভাৱে আহত হয় কেইবাগৰাকী যাত্ৰী(Road Accident in Dhubri)।
আল্ট্রা বাছখনৰ এজন যাত্ৰীৰ ভাষ্য অনুসৰি প্ৰতি ঘন্টাত প্ৰায় ৮০ পৰা ১০০ তীব্ৰ বেগেৰে গুৱাহাটীৰ পৰা আহি আছিল বাছখন । সেই সময়তেই জিলাখনৰ পৰ্বতঝোৰাত চালকে নিয়ন্ত্ৰণ হেৰুওৱা বাবে ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে ।
ইয়াৰ পিচতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় ।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু আহত যাত্ৰী সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক :Gas cylinder blast in migrant workers room : প্ৰব্ৰজিত শ্ৰমিকৰ কোঠালিত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ