Local, Vocal, Global

Road Accident in Dergaon : ডাম্পাৰ আৰু বাইকৰ মাজত সংঘৰ্ষ,আহত ২জন ছাত্ৰ

দেৰগাঁও,১২ছেপ্তেম্বৰ : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Road Accident in Dergaon)।

পুনৰ ৰাজ্যত ডাম্পাৰৰ দৌৰাত্ম্য । তীব্ৰবেগী ডাম্পাৰ খুন্দাত আহত ছাত্ৰ ।

দেৰগাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা। দেৰগাঁও সেউজ পুৰত সংগঠিত হয় এক ভয়াবহ পথ দূৰ্ঘটনা।

জানিব পৰা মতে, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ দুই ছাত্ৰ ঘৰলৈ গৈ থকা অৱস্থাত সেউজ পুৰত এখন AS 05-C7668 নম্বৰ গোলাঘাট দিশৰ পৰা আহি থকা ডাম্পাৰ গাড়ী আৰু AS-05 R 1258 FZ বাইকৰ মুখামুখিকৈ সংঘৰ্ষ হয় ফলত গুৰুতৰভাৱে আহত হয় দুজন ছাত্ৰ।

আহত ছাত্ৰ দুজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : Police Officials Attacked During Eviction : সোণাপুৰত উচ্ছেদ চলাবলৈ যোৱা আৰক্ষী বাহিনীৰ ওপৰত আক্ৰমণ ৰাইজৰ