Local, Vocal, Global

Road Accident in Dergaon : দ্ৰুতবেগী বাইকৰ প্ৰচন্দ খুন্দা ১১ হেজাৰ ভল্ট বিদ্যুৎ পৰিবাহী খুটাত;নিহত দুজন

দেৰগাঁও,১৫জুন : পুনৰ দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত দুজনকৈ যুৱক

শুকুৰবাৰে মাজনিশা দেৰগাঁৱৰ ফুকন নগৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ দাঁতিত থকা ১১ হেজাৰ ভল্ট বিদ্যুৎ পৰিবাহী খুটাত প্ৰচণ্ড খুন্দা নম্বৰ প্লেটবিহীন বাইকৰ। দ্ৰুতবেগী বাইকৰ প্ৰচন্দ খুন্দাত বিদ্যুতৰ খুটাতো ভাঙি দুটুকুৰা হোৱাৰ লগতে থিতাতে নিহত হয় হয় দুজনকৈ লোক । নিহত লোক দুজন জিগ্যাছ আৰু সঞ্জয় বৰা(Road Accident in Dergaon) ।

জানিব পৰা মতে,ভয়ংকৰ পথ দুৰ্ঘটনাত সঞ্জয় বৰা নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয় যদিও দেৰগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই কিন্তু দেৰগাঁৱত প্ৰাথমিক চিকিৎসাৰ অন্তত যুৱকজনৰ অৱস্থা সংকটজনক হোৱা বাবে যোৰহাট মেডিকেল কলেজ লৈ প্ৰেৰণ কৰাৰ পিছত মৃত্যু হয় ।

দ্ৰুতবেগত বাইক চলাই অহাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে।

লগতে পঢ়ক :Woman Finds ‘Human Finger’ In Ice Cream Ordered Online : অনলাইনযোগে অৰ্ডাৰ দিয়া আইচক্ৰীমত ওলাল মানুহৰ আঙুলি