Local, Vocal, Global

Road Accident : আজি পুনৰ দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১৬ জানুৱাৰী : ৰাজ্যত সংঘটিত হৈছে এটাৰ পিছত আন এটা পথ দুৰ্ঘটনা । দেৰগাঁৱত প্ৰায় সংঘটিত হৈ আছে পথ দুৰ্ঘটনা ।দেৰগাঁৱৰ পথ দুৰ্ঘটনাই প্ৰায় প্ৰতিদিনে বাতৰি শিৰোনাম দখল কৰি আহিছে(Road Accident) ।

আজি পুনৰ দেৰগাঁৱত সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা । মঙলবাৰে এখন বলেৰ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ৰেলিং মহতিয়া এজন বাইক আৰোহীক খুন্দা মাৰে।তীব্ৰ বেগী বলেৰ’ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। এই ভয়ংকৰ ঘটনাৰ পিছতেই স্থানীয় লোকৰ সহযোগত বাইক আৰোহীজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়(Road Accident in Dergaon) ।

জানিব পৰা মতে, দেৰগাঁৱৰ নগৰৰ লাহটি চাৰিআলিত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনাত পতিত বলেৰ’ বাহনখন নামৰূপৰ পৰা নুমলীগড় তেল শোধনাগাৰ অভিমুখে আহি আছিল। এই বলেৰ’ খনত শোধনাগাৰৰ সাতজনকৈ কৰ্মচাৰী আছিল।

অৱশ্যে, দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে এজনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। আহত বাইক আৰোহীজন দেৰগাঁৱৰে বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছতেই দেৰগাঁৱত ধাৰাবাহিকভাৱে হৈ থকা দুৰ্ঘটনাক লৈ সচেতন লোকসকল শংকিত হৈ পৰিছে।

লগতে পঢ়ক : Six Militants Arrested with Weapons : মণিপুৰত জব্দ মাৰণাস্ত্ৰসহ ৬ জন উগ্ৰপন্থী