Local, Vocal, Global

Road Accident in Darrang:ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য;তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিলে ছাত্ৰক

নিউজ ডেস্ক,২৭ডিচেম্বৰ : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে (Sensational Incident)।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Road Accident in Darrang)।

পুনৰ ৰাজ্যত ডাম্পাৰৰ দৌৰাত্ম্য ।দৰং জিলাত অব্য়াহত আছে ডাম্পাৰৰ দৌৰাত্ম।তীব্ৰ বেগী ডাম্পাৰে খুন্দিয়াল ছাত্ৰক ৷
বিদ্যালয়লৈ যোৱাৰ পথত মহতিয়াই নিলে ছাত্ৰজনক ৷

দশম শ্ৰেণীৰ বিদায় অনুষ্ঠানৰ যো-জা কৰি থাকোঁতে মহতিয়ালে ডাম্পাৰে ৷আঘাতপ্ৰাপ্ত ছাত্ৰজনক প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও।গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ ৷

আঘাতপ্ৰাপ্ত ছাত্ৰজন দিপিলা হাইস্কুলৰ ইমৰান হক বুলি জানিব পাৰ গৈছে ।

লগতে পঢ়ক :Man arrested with narcotics in Sonitpur:চাৰিদুৱাৰৰ কেকোকলি নেপালী গাঁৱত নিচাযুক্ত দ্ৰব্যসহ এজনক গ্ৰেপ্তাৰ