Local, Vocal, Global

Road Accident in Chapar : তীব্ৰবেগী চুইফট বাহনৰ খুন্দা দলঙত;কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ

চাপৰ,২৪অক্টোবৰ : চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা । বুধবাৰে মাজনিশা চাপৰস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা।

তীব্ৰবেগী চুইফট বাহনৰ খুন্দা দলঙত।ফলত কথমপি প্ৰাণ ৰক্ষা চাৰিজনকৈ যাত্ৰী।বাহনখনত থকা যাত্ৰীকেইজন ক্ৰমে পৰিমল কুমাৰ বৰ্মন (৪৫),অজিত কুমাৰ বৰ্মন (৬০),
মানিক বৰ্মন (৩৫) আৰু কিশোৰ বৰ্মন (৩০) । আটাইকেইজনৰ ঘৰ চাপৰৰ শালকোচাত(Road Accident in Chapar)।

জানিব পৰা মতে,গুৱাহাটীৰ পৰা শালকোচা অভিমুখে আহি আছিল AS 01 EA 8705 নম্বৰৰ চুইফট বাহনখন।সেইসময়তে চুইফট বাহনখনে দলঙত খুন্দা মাৰে।

লগতে পঢ়ক :Congress announced Jayanta Borah as the candidate of Behali : জল্পনা কল্পনাৰ অন্ত!ঘোষণা হ’ল AICC বিহালীৰ প্ৰাৰ্থী নাম