Road accident in Chapar : স্বাধীনতাৰ দিৱসৰ দিনা চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা
চাপৰ,১৫আগষ্ট : স্বাধীনতাৰ দিৱসৰ দিনাই ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা ।
চাপৰ’ৰ ধীৰঘাটস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী।
আহত বাইক আৰোহীজনক সংকটজনক অৱস্থাত চাপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় যুৱকজনৰ(Road accident in Chapar) ।
নিহত যুৱকজন ধুবুৰী জিলাৰ ঘুনিমাৰীৰ বাসিন্দা আছমত আলী(২৪) বুলি জানিব পৰা গৈছে। বঙাইগাঁৱলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।
দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 19Y 0215।
লগতে পঢ়ক : ULFA plants bombs in 19 places of Assam : লখিমপুৰত উদ্ধাৰ সন্দেহজনক বোমা