Chapar Road accident : ভয়ংকৰ পথ দুৰ্ঘটনা ! নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছে খুন্দিয়ালে গছত
ধুবুৰী, ৪জুলাই : ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছৰ খুন্দা গছত। মঙলবাৰে সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাটো।
উল্লেখ্য যে ,এই শোকাৱহ দুৰ্ঘটনাটোৰ ৪০জন লোক আহত হোৱাৰ উপৰিও নিহত হয় এজন(one died road accident in Chapar)।
প্ৰাপ্ত তথ্য অনুসৰি, ধুবুৰীৰ চাপৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত খুন্দা মাৰে ফলত পথৰ কাষত বাগৰি পৰে যাত্ৰীবাহী বাছখন ।যাত্ৰীবাহী বাছখনত থকা প্ৰায় ৪০ গৰাকী যাত্ৰী আহত হয়। আহতসকলৰ ভিতৰত শিশুও আছে।আহতসকলৰ অৱস্থা অতি সংকটজনত।
জানিব পৰা মতে, আহত যাত্ৰীসকলক চাপৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত বহু যাত্ৰীৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় কিন্তু চিকিৎসাধীন অৱস্থাত এজন যাত্ৰীৰ মৃত্যু হয়। নিহত যাত্ৰীজনৰ নাম আব্দুল খালেক । নিহত ব্যক্তিজনে পৰিয়ালৰৰ সৈতে ধুবুৰীৰ বাসগৃহলৈ গৈ আছিল ।বৰ্তমান পত্নী আৰু কন্যা চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে , দুৰ্ঘটনাগ্ৰস্থ বাছখন ধুবুৰীৰ পৰা বৰপেটা অভিমুখে আহি আছিল।দূৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS- 25BC-1860 ।
প্ৰাপ্ত তথ্য অনুসৰি, তীব্ৰবেগেৰে আহি থকা যাত্ৰীবাহী বাছখনে নেৰানেপেৰা বৰষুণৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে ফলত ঘাইপথৰ কাষতে বাগৰি পৰে বাছখন।ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ বহু পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় বুলি জানিব পৰা গৈছে (Road accident in Chapar ) ।
লগতে পঢ়ক : Jagdeep Dhankhar to visit Assam : গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়