Local, Vocal, Global

Road Accident : দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ

নিউজ ডেস্ক, ২২অক্টোবৰ : ৰাজ্যজুৰি পালন কৰা হৈছে দুৰ্গা পূজা । চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাস । দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident) ।

দুৰ্গোৎসৱৰ আনন্দৰ মাজতে চাবুৱাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱা দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ হয় ফলত সংঘটিত এক পথ দুৰ্ঘটনা ।

এই দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে সংঘৰ্ষৰ ফলত দুয়োখন ট্ৰাক ৰে’ল লাইনত পৰি যায় ফলত বন্ধ হৈ পৰে ৰে’ল লাইনটো । এই দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় আশ্ৰফ আলি ।আহত চালকজনক আৰক্ষীয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

এই দুৰ্ঘটনাটোৰ পিছতে দেওবাৰে পুৱাই ডিব্ৰুগড়লৈ অহা দূৰণিবটীয়া সকলো ৰে’ল বন্ধ হৈ পৰে ।

ইতিমধ্যে AS01LC3269 আৰু AS01EC7602 নম্বৰ দুয়োখন মালবাহী ট্ৰাক উদ্ধাৰৰ বাবে ৰে’ল আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবপৰা গৈছে (Road Accident in Chabua )।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আশ্ৰফ আলি নামৰ চালক এজন । আহত চালকজনক ততাতৈয়াকৈ আৰক্ষীয়ে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ।

লগতে পঢ়ক : Road Accident : দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা