Local, Vocal, Global

Road Accident in Bongaigaon: বাইক আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ;নিহত ছাত্ৰ,আহত শিক্ষক

অভয়াপুৰী,১৭নৱেম্বৰ : এক শোকাৱহ দুৰ্ঘটনাত নিহত ছাত্ৰ,আহত আন এজন।

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। AS19B 7014 নম্বৰৰ বাইকখনৰ সংঘৰ্ষ হয় ট্ৰাকৰ সৈতে। ফলত থিতাতে নিহত হয় বঙাইগাঁও ডনবস্ক কলেজৰ ছাত্ৰ। নিহত ছাত্ৰজন জীৱন ধানোৱাৰ(২১)। আনহাতে গুৰুতৰভাৱে আহত লোকজন কিশোৰ যোছেফ বিদ্যালয়ৰ শিক্ষক(Road Accident in Bongaigaon)।

জানিব পৰা মতে, বঙাইগাঁৱৰ পৰা ধুবুৰী দিশলৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন।সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰা AS16C 6501 নম্বৰৰ ট্ৰাকখন।কিন্তু বইটামাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় বাহনখন।

বৰ্তমানে গুৰুতৰভাৱে আহত কিশোৰ যোছেফক চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰন কৰা হৈছে।

লগতে পঢ়ক :Road Accident in Moirabari: অ’ট ৰিক্সাৰ খুন্দাত নিহত পথচাৰী