Road Accident in Bongaigaon : উদণ্ড বাইক চালকে মহতিয়াই নিলে পথচাৰীক;নিহত এজন,আহত এজন
বঙাইগাঁও,২৩ছেপ্তেম্বৰ : উদণ্ড বাইক চালকে মহতিয়াই নিলে পথচাৰীক ।
বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । দেওবাৰে নিশা অভয়াপুৰী আমগুৰী ১ ম খণ্ডত উদণ্ড বাইক চালকে মহতিয়াই নিলে পথচাৰীক(Road Accident in Bongaigaon)।
জানিব পৰা মতে, উৎকট গৰমৰ বাবে নিজ বাসগৃহৰ পৰা পথলৈ আহিছিল আমগুৰী গাঁৱৰ অশ্বিনী মণ্ডল নামৰ লোকজন । সেই সময়তে AS15W 5097 নম্বৰৰ এখন বাইকে মহতিয়াই বহুদূৰলৈ লৈ যায় অশ্বিনী মণ্ডলক ফলত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী ৰমজান আলী আৰু পথচাৰী অশ্বিনী মণ্ডল ।
এই খবৰ পাই স্থানীয় লোকে ঘটনা সন্দৰ্ভক আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাইজৰ সহযোগত আহত লোক দুজনক অভয়াপুৰী দীনৰাম নাৰ্ছিং হোমলৈ প্ৰেৰণ কৰে । কিন্তু অশ্বিনী মণ্ডলক চিকিৎসকে মৃত বুলি ঘোষণা কৰে(1 killed and 1 injured in road accident)।
বৰ্তমান বাইক চালক ৰমজান আলী নাৰ্ছিং হোমতে চিকিৎসাধীন অৱস্থাত আছে।