Road Accident in Bongaigaon : ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ;নিহত দুই বাইক আৰোহী
নিউজ ডেস্ক, ২১ ডিচেম্বৰ : এক ভয়ংকৰ পথ দুৰ্ঘটনা । ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ । ফলত নিহত দুই বাইক আৰোহী(Road Accident) ।
বুধবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাটো । বুধবাৰে নিশা বঙাইগাঁৱত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । বঙাইগাঁও জিলাখনৰ চৌৰাগুৰি নামৰ স্থানত ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় ।ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ নিহত হয় দুই বাইক আৰোহী(Road Accident in Bongaigaon) ।
জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ GJ-01-FT-8990 আৰু বাইক খনৰ নম্বৰ AS-26-E-6838 । দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে দুৰ্ঘটনাটোত বাইকখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে ।
এই ভয়ংকৰ ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় বঙাইগাঁও আৰক্ষীৰ এটা দল । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।