Local, Vocal, Global

Road Accident in Boko : বকোৰ শাখাতিত ভয়ংকৰ পথ দুৰ্ঘটনা

বকো,১৬অক্টোবৰ : বকোৰ শাখাতিত ভয়ংকৰ পথ দুৰ্ঘটনা।

বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একেৰাহে দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাত পতিত হয় দুখনকৈ চাৰিচকীয়া বাহন।

মঙলবাৰে নিশাৰ ভাগত মেঘালয়ৰ পৰা আহি থকা অবস্থাত ML 05 V 7846 নম্বৰৰ swift dezire বাহন খন নিয়ন্ত্ৰণ হেৰুৱাই পেটাভোকলা নৈত পৰে(Road Accident in Boko)।

আনহাতে ৰাতিপুৱা ৬ মান বজাত ধুবুৰীৰ পৰা আহি থকা অৱস্থাত AS 32 B 1921 TATA PUNCH এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে তিনিলুতি খাই দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাত বাহনখনত থকা এজন শিশুসহ মুঠ ৫ গৰাকী আৰোহী গুৰুত্বৰ ভাৱে আহত হয়। আহত লোকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি বকো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক : Fire Break Out in Meghalaya : তুৰা বজাৰত বিধ্বংসী অগ্নিকাণ্ড;নিমিষতে ভস্মীভূত ১০খনৰো অধিক দোকান