Local, Vocal, Global

Road Accident in Bilasipara : ই-ৰিক্সা আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;আহত বাইক আৰোহীসহ ই-ৰিক্সা যাত্ৰীৰ

বিলাসীপাৰা,১৯অক্টোবৰ : বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।

বিলাসীপাৰাৰ হাকামা ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। ফলত আহত বাইক আৰোহীসহ ই-ৰিক্সা যাত্ৰী।

জানিব পৰা মতে, তীব্ৰবেগী বাইক আৰোহীয়ে ই ৰিক্সাক খুন্দা মাৰে ফলত ই-ৰিক্সাক থকা ছাত্ৰসহ কেইবাজনো লোক আহত হয়। আহত লোকসকলক ততাতৈয়াকৈ বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ কৰে।

ইফালে বাইক আৰোহী ছানিদুল ইছলাম আৰু ছাইফুল ইছলাম গুৰুতৰভাৱে আহত হয়।আহত লোকদুজনৰ ঘৰ কোকৰাঝাৰ জিলাৰ বামুনিগাওৰ বুলি জানিব পৰা গৈছে(Road Accident in Bilasipara)।

এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বিলাসীপাৰা যান বাহন আৰক্ষী উপস্থিত হয় আৰু ই-ৰিক্সা আৰু বাইকখন উদ্ধাৰ কৰি থানালৈ লৈ যায়।

লগতে পঢ়ক :Tezpur News : পুৰণা গাড়ীক ৰং কৰি নতুনকৈ বিক্ৰী কৰে মহিন্দ্ৰাই