Local, Vocal, Global

Road Accident in Bilasipara : তীব্ৰ বেগী বলেৰো বাহন আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষ; নিহত এজন,আহত চাৰিজনকৈ লোক

বিলাসীপাৰা, ১৭জানুৱাৰী : বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident)। ঘন কুঁৱলীৰ বাবে বিলাসীপাৰা লক্ষীগঞ্জ এলেংমাৰীত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা।তীব্ৰ বেগী বলেৰো বাহন আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।

জানিব পৰা মতে, শাক পাচলি ভৰ্তি এখন তীব্ৰ বেগী বলেৰো বাহন আৰু বিপৰীত দিশৰ পৰা অহা মটৰ চাইকেলৰ মাজত সংঘটিত হয় এই দূৰ্ঘটনা। মঙলবাৰে পুৱা প্ৰায় ৮ মান বজাত ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমাৰ অন্তৰ্গত লক্ষীগঞ্জ এলেংমাৰিত কোকৰাঝাৰ অভিমুখে গৈ থকা শাক পাচলি কঢ়িয়াই লোৱা এখন বলেৰো পিক আপ বাহন আৰু এখন শাক পাচলি লৈ যোৱা মটৰ চাইকেলৰ মাজত ঘন কুঁৱৰীৰ বাবে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়(Road Accident in Bilasipara)।

এই ভয়ংকৰ দূৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন নিহত হোৱাৰ লগতে আহত হয় চাৰিজনকৈ লোক । নিহত লোকজনৰ নাম ৰফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে । নিহত ব্যক্তি জনৰ ঘৰ চিৰাকুটাত।
ইফালে আহত লোককেইজন ততাতৈয়াকৈ উদ্ধাৰ কৰি ফুটকিবাৰি ৰাজ্যিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।

এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে লক্ষীগঞ্জ আৰক্ষী চকীৰ দল এটা ঘটনা স্থলীত উপস্থিত হয় আৰু বাহন সমুহ লক্ষীগঞ্জ আৰক্ষী চকীলৈ লৈ আহে।

লগতে পঢ়ক :Youth Missing from kamakhya Railway Junction : মহানগৰীৰ মালিগাঁও কামাখ্যা ৰে’ল জংচনত চাঞ্চল্যকৰ ঘটনা